← Recipes

টেঙামৰা দিয়া মাছ

টেঙামৰা পাতৰ পাতল টেঙা জোলত ৰন্ধা মাছ। গৰমৰ দুপৰীয়া উকা ভাতৰ লগত ইয়াৰ তুলনা নাই।

Ingredients

Method

  1. মাছত নিমখ আৰু আধা হালধি সানি গৰম সৰিয়হৰ তেলত লাহেকৈ ভাজি উলিয়াই থ'ব।
  2. সেই তেলতে মেথি ফুটাই থেতেলিওৱা নহৰু দিব।
  3. টেঙামৰা শাক, বাকী হালধি আৰু নিমখ দিব। শাকখিনি জঁয় পৰি ক'লা নোহোৱালৈকে 3 মিনিট লৰাব।
  4. 2 কাপ গৰম পানী দি 5 মিনিট উতলাব।
  5. মাছ আৰু কেঁচা জলকীয়া দি 5 মিনিট সিজাব। ভাতৰ লগত খাব।

Tip: আগতে শাকখিনি চাখি চাব। বেছি টেঙা হ'লে অলপ কমকৈ দিব বা এচিকুট চেনি দিব।