← Recipes

পাতত দিয়া মাছ

কেঁচা সৰিয়হ বটা, পিঁয়াজ আৰু কেঁচা জলকীয়াৰে সনা মাছ কলপাতত মেৰিয়াই পোৰা — অসমৰ নিজা ধোঁৱা-গোন্ধীয়া পাতত দিয়া মাছ।

Ingredients

Method

  1. সৰিয়হখিনি কুহুমীয়া পানীত 15 মিনিট তিয়াই থ'ব। নহৰু, আদা, 3টা কেঁচা জলকীয়া আৰু এচিকুট নিমখৰ লগত ডাঠকৈ বাটি ল'ব; পানী এচামুচ এচামুচকৈহে দিব।
  2. বটাখিনিত কটা পিঁয়াজ, হালধি, নিমখ আৰু 2 ডাঙৰ চামুচ কেঁচা সৰিয়হৰ তেল মিহলাব।
  3. মাছবোৰত মছলাখিনি ভালকৈ সানি 15 মিনিট থৈ দিব।
  4. কলপাতবোৰ জুইৰ ওপৰেৰে কেই চেকেণ্ডমান ঘূৰাই নিব, পাতবোৰ চিকমিকীয়া আৰু কোমল হ'লেই হ'ল।
  5. প্ৰতিখন পাতত এভাগ মাছ থৈ ওপৰত এটা ফলা জলকীয়া আৰু কেই টোপালমান সৰিয়হৰ তেল দিব। পাতখন জাপি টোপোলা কৰি সূতাৰে বান্ধি ল'ব।
  6. ডাঠ তাৱা বা কেৰাহীত টোপোলাবোৰ ঢাকি লাহে জুইত প্ৰতিফালে 8–10 মিনিটকৈ পুৰিব, পাতখন ঠাইয়ে ঠাইয়ে ক'লা নোহোৱালৈকে।
  7. খোৱা মেজতে টোপোলা খুলি গৰম ভাতৰ লগত খাব।

Tip: গাঁৱত টোপোলাবোৰ চৌকাৰ আঙঠাত গুজি দিয়ে। গেছত লোহাৰ তাৱা আৰু ঢাকনি থাকিলে প্ৰায় একে ধোঁৱা-গোন্ধ পাব।