← Recipes

মাংসৰ পোলাও

পঠাৰ মাংসৰ জোলত গোট মছলাৰে ৰন্ধা সুগন্ধি জোহা চাউলৰ পোলাও। বিৰিয়ানিতকৈ পাতল, ভোজ-ভাত আৰু ঘৰুৱা উৎসৱৰ ব্যঞ্জন।

Ingredients

Method

  1. মাংসখিনি 5 কাপ পানী, নিমখ, আদা-নহৰু বটা আৰু তেজপাত দি 40 মিনিটমান কোমল হোৱাকৈ সিজাব। জোলখিনি ৰাখি থ'ব।
  2. চাউল ধুই 10 মিনিট পানী সৰিবলৈ দিব।
  3. ঘিউ গৰম কৰি ইলাচি আৰু ডালচেনি দিব, তাৰ পাছত পিঁয়াজ ৰঙাকৈ ভাজিব। সিজোৱা মাংস দি 5 মিনিট ভাজিব।
  4. চাউল দি লাহেকৈ 2 মিনিট লৰাব। 4 কাপ গৰম মাংসৰ জোল ঢালি নিমখ চাই ল'ব।
  5. ভালকৈ ঢাকি একেবাৰে লাহে জুইত 15 মিনিট ৰান্ধিব। খোলাৰ আগতে 5 মিনিট থৈ দিব।

Tip: জোহা চাউল সহজে ভাগে। জোল দিয়াৰ পাছত মাত্ৰ এবাৰহে লৰাব।